NORTHEAST NOW (Assamese)

দিনটোত ২৮লৈ বৃদ্ধি অসমত ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ১৮৫

May 20, 2020 10:41 pm · কল্পজ্যোতি শইকীয়া
Updated: May 20, 2020 10:45 pm

একেলগে ১৪ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আটাইকেইগৰাকী সৰুসজাই ষ্টেডিয়ামত কুৱাৰেন্টাইন হৈ থকা বুলি উল্লেখ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যত আজিৰ দিনটোত ২৮ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

আজি আক্ৰান্তৰ ২৬গৰাকীয়ে বহিৰাজ্যৰ পৰা শেহতীয়াকৈ অসমলৈ অহা।

কিছু সময় পূৰ্বে কুৱাৰেন্টাইন হৈ থকা কৰিমগঞ্জৰ এজন লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

ইয়াৰ পূৰ্বে ১৩ গৰাকীকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছিল।

ইয়াৰে ৮ গৰাকী হোজাইৰ, দুগৰাকী শোণিতপুৰ জিলাৰ আৰু এগৰাকী কামৰূপ মেট্ৰ’ৰ আৰু এগৰাকী নগাওঁ জিলাৰ।

ৰাজ্যত ১৮৫ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ১৩০ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

ইপিনে MMCHৰ চিকিৎসক এগৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি বিভিন্নজন সাংবাদিকে ফেচবুকত SHARE কৰিছে যদিও বৰ্তমানলৈকে স্বাস্থ্য বিভাগে তেওঁৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।

এজন জ্যেষ্ঠ সাংবাদিকে লিখা অনুসৰি “MMCHৰ এজন কৰোনা-যোদ্ধাৰ শৰীৰত COVID-19পজিটিভ৷ তেওঁ পৰীক্ষাৰ বাবে swab সংগ্ৰহৰ দায়িত্বত থকা লেবৰেটৰী টেকনিচিয়ান৷ আশু আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো৷”

Related News