NORTHEAST NOW (Assamese)

ছশ অতিক্ৰম অসমত ক’ভিড-১৯ পজিটিভৰ, নতুনকৈ চিনাক্ত ১৯গৰাকী

May 26, 2020 8:18 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

আৰু ১৯গৰাকী ব্যক্তি মঙলবাৰে সন্ধিয়া অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৬১৬লৈ বৃদ্ধি পাইছে।

 

শেহতীয়াকৈ ক’ভিড-১৯ পজিটিভ চিনাক্তসকলক মাজত আছে কৰিমগঞ্জৰ সাত, গোৱালপাৰাৰ পাঁচ, গুৱাহাটীৰ তিনি আৰু ধুবুৰী, হাইলাকান্দি, ওদালগুৰি আৰু লখিমপুৰৰ এগৰাকীকৈ ব্যক্তি।

 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

 

মঙলবাৰৰ দিনটোত এইপৰ্য্যন্ত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ৬৮গৰাকী ব্যক্তি।

কিছুসময় পূৰ্বে নগাওঁ জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।

দিনৰ ভাগতে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত।  আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁওৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাওঁৰ ৫ গৰাকী। 

বৰ্তমান ৫৪৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷ 

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫৪১ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News