NORTHEAST NOW (Assamese)

নশৰ দিশে অসমত ক’ভিড-১৯, নতুনকৈ চিনাক্ত ২৪

May 29, 2020 12:29 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

চৌবিছগৰাকী ব্যক্তি শুকুৰবাৰে ৰাতি অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৮৮০লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে গোৱালপাৰাৰ ১১, নলবাৰীৰ তিনি, তিনিচুকীয়াৰ তিনি, ডিব্ৰুগড়ৰ দুই আৰু কামৰূপ, নগাওঁ, কাৰ্বি আংলং আৰু ধুবুৰীৰ এগৰাকী ব্যক্তি।

আন এজন আক্ৰান্ত সন্দৰ্ভত এতিয়াও নিশ্চিত হ’ব পৰা নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৰ্তমান ৭৭০ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১০৩ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কিছু সময় পূৰ্বে ২৫  গৰাকীকৈ লোকৰ দেহত পোৱা গৈছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১৩ গৰাকী কামৰূপ মেট্ৰো, ৪ গৰাকী কাছাৰ, ৩ গৰাকী ধেমাজি, ৩ গৰাকী বৰপেটা আৰু কোকৰাঝাৰৰ দুগৰাকী।

তাৰ ঠিক কিছু সময় পূৰ্বে ৩৩ গৰাকীকৈ লোকৰ দেহত পোৱা গৈছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১০ গৰাকী নগাওঁ, ৮ গৰাকী কামৰূপ মেট্ৰো, ৭ গৰাকী কাছাৰ, এগৰাকী হোজাই, এগৰাকী ডিমা হাছাও, দুগৰাকী কৰিমগঞ্জ, দুগৰাকী হাইলাকান্দি, দুগৰাকী কোন ঠাইৰ নিশ্চিত হোৱা নাই।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।
ইয়াৰে ১১ গৰাকী কামৰূপ মেট্ৰো’, ৩ গৰাকী ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰ।

আজিৰ দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত।

কালিৰ দিনটোত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৬ মেত ১৩৪ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ২৫ মেত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত পাঁচ শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৮০৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News