NORTHEAST NOW (Assamese)

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ ৯৭লৈ বৃদ্ধি

May 17, 2020 7:20 pm · কল্পজ্যোতি শইকীয়া
Updated: May 17, 2020 7:22 pm
প্ৰতিনিধিত্বমূলক ফটো

আৰু এজন ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ব্যক্তিজনৰ ঘৰ কাছাৰ জিলাত, বয়স ২৮ বছৰ।

তেওঁ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তেওঁ শনিবাৰে চেন্নাইৰ পৰা আহি শিলচৰত উপস্থিত হৈছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰিছে।

যোৱা ২৪ ঘণ্টাত অসমত এটি শিশুকে ধৰি ছয়জন লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

শিশুটি দিল্লীৰ পৰা কিছুদিন পূৰ্বে যোৰহাটলৈ উভতি আহিছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত তেওঁৰ চিকিৎসা চলি হৈছে।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড১৯ত আক্ৰান্তৰ সংখ্যা ৯৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ইপিনে,শনিবাৰৰ দিনটোতে অসমত আন পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াকে ধৰি অসমত মুঠ ক’ভিড-১৯ আক্ৰান্ত ৯৭গৰাকীলৈ বৃদ্ধি পালে।

দুগৰাকীৰ মৃত্যু আৰু দুজন স্থানান্তৰিত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৪১ গৰাকী লোকে।

ৰাজ্যত বৰ্তমান সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৫২ গৰাকী।

Related News