ভাল খৱৰ! ডিব্রুগড়ৰ কোভিড পজিটিভ মহিলাই এএমচিএইচত জন্ম দিলে যমজ সন্তানৰ

Covid-2-750x375

ডিব্ৰুগড়ত শুকুৰবাৰে অসম মেডিকেল কলেজ হাস্পাতালত (এএমচিএইচ) এগৰাকী কোভিড-১৯ পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিয়ে।

এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে নৰ্থইষ্ট নাওৰ আগত কয়,’’আমাৰ বাবে এইটো এটা ভাল খৱৰ যে এগৰাকী কোভিড পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিছে। মই পৰিয়ালটোৰ লগতে সফল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসা কৰ্মীসকলক অভিনন্দন জনাইছো।‘’

‘’যমজ শিশু দুটিৰ এটি ল’ৰা আৰু আনটো কন্যা শিশু আৰু দুয়োটিৰে কোভিড নিগেটিভ। ডিব্ৰুগড়ৰ মৰান অঞ্চলৰ ৩৪বছৰীয়া মহিলাগৰাকী বিয়াৰ ১৪ বছৰ পাছতো সন্তান নোহোৱাৰ বাবে আই ভি এফ প্ৰযুক্তিৰ সহায়ত আগবাঢ়িছিল,’’-ডাঃ কাকতিয়ে কয়।

যোৱা ১৯মে’ৰ নিশা প্ৰসৱজনিত সমস্যা দেখা দিয়াত প্ৰসূতিগৰাকীক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতাললৈ লৈ যোৱা হৈছিল।

কাকতিয়ে কয়,’’পৰীক্ষাৰ সময়ত তেওঁৰ কোভিড পজিটিভ পোৱাত এএমচিএইচলৈ প্ৰেৰণ কৰা হয়। তেওঁৰ সংকটজনক অৱস্থালৈ চাই প্ৰসূতি বিভাগৰ মুৰব্বী ডাঃ ৰমেশ সোণোৱালৰ নেতৃত্বত চিকিৎসক আৰু নাৰ্ছৰ এটা টীমে অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে যমজ সন্তানৰ প্ৰসৱ কৰোৱায়।‘’

‘’মাক আৰু সন্তান দুটি বৰ্তমান সুস্থ। ল’ৰা শিশুটিৰ ওজন ২.৫কেজি আৰু কন্যা শিশুটিৰ ওজন ২কেজি আৰু দুয়োটিৰে কোভিড নিগেটিভ। যমজ দুটিক নৱজাতক পৰিচৰ্যা শাখাত ৰখা হৈছে। ৩৫ সপ্তাহতে নিৰ্দ্ধাৰিত সময়তকৈ আগতে জন্মলাভ কৰা বাবে আমি জণ্ডিছ প্ৰতিৰোধ কৰিবলৈ ফটোথেৰাপি দি আছো,’’-অধ্যক্ষগৰাকীয়ে কয়।

ইপিনে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এটা টুইটৰ জৰিয়তে কোভিড পজিটিভ  প্ৰসূতিগৰাকীক সফলতাৰে প্ৰসৱ কৰোৱাৰ বাবে এএমচিএইচৰ চিকিৎসক আৰু নাৰ্ছৰ টীমটোক অভিনন্দন জনাইছে।

শুকুৰবাৰে ডিব্ৰুগড়ত ৩৬৭ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।