সাৱধান! কোভিড পৰীক্ষাৰ নামতে ৰেইড ফ’ৰামৰ হাতত পৰিব পাৰে আপোনাৰ বহু গোপনীয় তথ্য

কোভিড পৰীক্ষাৰ নামত দুষ্ট চক্ৰই লাভ কৰিব পাৰে আপোনাৰ বহু গোপনীয় ব্যক্তিগত তথ্য।
দেশত এতিয়া কোভিডৰ মহাসংহাৰ চলিছে।

দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে নিতৌ কোটিৰ ঘৰত লোকৰ কোভিড পৰীক্ষা কৰি থকা হৈছে। এনেদৰে কোভিড পৰীক্ষা কৰোৱাই বহুতে তেওঁলোকৰ গোপনীয় ব্যক্তিগত তথ্য তুলি দিবলগীয়া হৈছে অপৰাধী চক্ৰৰ হাতত।

ভাৰতত হাজাৰ হাজাৰ লোকৰ ব্যক্তিগত তথ্য চৰকাৰী চাৰ্ভাৰৰ পৰা লিক কৰা হৈছে। এনে ব্যক্তিগত গোপনীয় তথ্য সমূহৰ ভিতৰত কোভিড পৰীক্ষা কৰোৱা লোকৰ নাম, ম’বাইল নম্বৰ, ঠিকনা আৰু কোভিড পৰীক্ষাৰ ফলাফল অন্তৰ্ভুক্ত হৈ আছে।
এই তথ্যবোৰ কেৱল অনলাইনতে উপলব্ধ।

ভয়ংকৰ কথাটো হ’ল চৰকাৰী চাৰ্ভাৰৰ পৰা হাজাৰ হাজাৰ লোকৰ ব্যক্তিগত তথ্য লিক কৰি তেনে তথ্যবোৰ ৰেইড ফ’ৰাম নামৰ ৱেবছাইটোক বিক্ৰী কৰা হৈছে ।

প্ৰাপ্ত অভিযোগ অনুসৰি এজন চাইবাৰ অপৰাধীয়ে তেওঁৰ হাতত ২০.০০০ৰো অধিক লোকৰ ব্যক্তিগত তথ্য মজুত আছে বুলি দাবী কৰিছে।

ৰেইড ফ’ৰামত ৰখা তথ্যত এই লোকসকলৰ নাম, বয়স, লিংগ, ম’বাইল নম্বৰ, ঠিকনা, তাৰিখ আৰু কোভিড পৰীক্ষাৰ ফলাফল আদি দেখুৱাইছে।

চাইবাৰ সুৰক্ষা গৱেষক ৰাজশেখৰ ৰাজাহাৰিয়াই টুইটাৰত কৰি কয় যে নাম আৰু কোভিড-১৯ ফলাফলকে ধৰি লোক এজনক ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্য এটা সমল বিতৰণ নেটৱৰ্কৰ (চিডিএন) জৰিয়তে ৰাজহুৱা কৰা হৈছে। কোভিড পৰীক্ষা কৰোৱা লোকৰ তথ্য এতিয়া ডাৰ্ক ৱেবৰ তালিকাভুক্ত কৰা হৈছে।

এনে তথ্যসমূহ ব্যৱহাৰ কৰি দুষ্ট চক্ৰই যিকোনো লোক এজনৰ সম্ভেদ উলিয়াই নানান দুষ্কাৰ্য কৰিব পাৰে ।

ৰেইড ফ’ৰামে লাভ কৰা এনে তথ্যৰ তালিকা দেখুৱাইছে যে লিক হোৱা ডাটাবোৰ কো-উইন পৰ্টেলত আপলোড কৰা আছিল। চৰকাৰে কোভিড-১৯ মহামাৰীৰ বিষয়ে নিয়ন্ত্ৰণ আৰু সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ টিকাকৰণ কাৰ্যসূচীৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিছে।

ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে কো-উইন এপৰ কোনো তথ্য চুৰি হোৱাৰ কথা অস্বীকাৰ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে কৈছে যে এই এপ নিৰাপদ আৰু সুৰক্ষিত।