ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ডিটেনচন কেম্পত দুবছৰতকৈ অধিক কাল বন্দী থকা বিদেশীক মুকলিৰ নিৰ্দেশ দিছে, বাতৰিত প্ৰকাশ।
বাতৰিটোত কোৱা হৈছে যে এই নিৰ্দেশৰ ফলত প্ৰায় ৬০% বিদেশী মুকলি হ’ব। অসমৰ ছটা ডিটেনশ্বন কেম্পত প্ৰায় এহেজাৰ বিদেশী বন্দী হৈ আছে।
উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠ এখনে পূৰ্বৰ নিৰ্দেশৰ সলনি কৰি এই নতুন নিৰ্দেশ জাৰি কৰিছে।
নতুন নিৰ্দেশ মতে এই লোকসকলে দুজন লোক আৰু পাঁচ হাজাৰ টকাকৈ আমানতত মুকলি হ’ব পাৰিব।
আদালতখনৰ যোৱা ১০ মে’ৰ নিৰ্দেশমতে তিনি বছৰতকৈ অধিককাল বন্দী থকাসকলে দুজন লোক, ১ লাখ টকাকৈ আমানত আৰু ব’ণ্ডত মুক্তি পোৱাৰ ব্যৱস্থা আছিল।
ক’ভিড-১৯ৰ সময়ত ভাৰতৰ জেলসমূহত অধিক বন্দী থকাক লৈ উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এক আৱেদনৰ শুনানিৰ পিছত এই নিৰ্দেশ দিয়া হৈছে।
জ্যেষ্ঠ অধিবক্তা চলমান খুৰ্ছিদে তেতিয়া উত্থাপন কৰে কাৰাগাৰৰ পৰা বন্দী পাতলোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ ডিটেনচন কেম্পত প্ৰযোজ্য হ’ব নে নহয়?
অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা আদালতৰ এই পদক্ষেপত আপত্তি দৰ্শোৱা হৈছিল।
অসমৰ হৈ যুক্তি দিয়া অধিবক্তাই ভিডিঅ’ কনফেৰেন্সিঙৰ জৰিয়তে আপত্তি দৰ্শাই কয় যে এইসকল লোক দোষী আৰু অবৈধভাৱে প্ৰৱেশত দোষী পোৱা গৈছে।
তেওঁ কয় যে সেয়ে এইসকল মুক্তি পোৱাৰ বাবে অযোগ্য।
এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে যুক্তি দিয়ে যে যদি কোনো সংক্ৰমিত লোকক মুক্তি দিয়া যায় তেন্তে তেওঁলোকে আনকো সংক্ৰমিত কৰিব।
ইয়াৰ বিপৰীতে নেচনেল ফৰাম ফৰ প্ৰিজন ৰিফৰ্মেচনৰ জ্যেষ্ঠ অধিবক্তা কলিন গঞ্জালৱেজে মুক্তি দিয়া লোকসকলক যিকোনো লক্ষণৰ বাবে পৰীক্ষা কৰা হ’ব।
“স্বাস্থ্য কৰ্তৃপক্ষই তেওঁলোকৰ চকু ৰাখি আছে,” গঞ্জালৱেজে কয়।
কিন্তু এটৰ্নি জেনেৰেল ভেনুগোপালে কয় যে লকডাউনৰ সময়ত কাৰাগাৰৰ পৰা মুক্তি সুবিধাজনক নহ’ব।
মুখ্য ন্যায়াধীশ এছ এ ববদে আৰু ন্যায়াধীশদ্বয় এল নাগেশ্বৰ ৰাও আৰু মোহন এম শান্তানাগৌডাৰৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।