NORTHEAST NOW (Assamese)

অক্টোৱৰ মাহৰ ভিতৰত দেশক ঢৌৱাই যাব কোভিডৰ তৃতীয়টো ঢৌৱে,বিশেষজ্ঞৰ সতৰ্কবাণী

June 18, 2021 7:20 pm · এন ই নাও নিউজ

অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। কোভিডে যে কেৱল দেশৰ স্বাস্ত্য খণ্ডতে প্ৰভাৱ পেলাইছে তেনে নহয়, কোভিডৰ প্ৰভাৱ দেশৰ শিক্ষা, বাণিজ্য আদি সকলো ক্ষেত্ৰতে পৰিছে।

দেশত বৰ্তমান কোভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰ চলি আছে। কোভিডৰ তৃতীয়টো ঢৌৱে দেশত আন এক সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি আহিছে।

এনে সময়তে বিশেষজ্ঞৰ এটা দলে চলিত বৰ্ষৰঅক্টোৱৰ মাহৰ ভিতৰতে দেশক কোভিডৰ তৃতীয়টো ঢৌৱে জোকাৰি যাব বুলি সাৱধানবাণী শুনাইছে। ৰয়টাৰৰ পল অব মেডিকেল এক্সপাৰ্টৰ সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

স্বাস্থ্য খণ্ডৰ কৰ্মী, চিকিৎসক, ভাইৰ’ল’জিষ্ট,মহামাৰী বিশেষজ্ঞ, অধ্যাপক আদিকে ধৰি মুঠ ৪০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিকলৈ চলোৱা সমীক্ষা মতে কোভিডৰ তৃতীয়টো ঢৌৰ বাবে ভাৰত সাজু হ’বৰ হৈছে।

বিশেষজ্ঞসকলে এইবুলি কৈছে যে কোভিডৰ ভেকচিনে ৰোগবিধক কিছু পৰিমাণে বাধা দিবলৈ সক্ষম হৈছে যদিও ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা নুই কৰিব নোৱাৰি। অক্টোৱৰ মাহৰ ভিতৰতে ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ আহিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে।

তেওঁলোকে চলোৱা সমীক্ষাত ৮৫ শতাংশ বিভিন্ন ক্ষেত্ৰৰ লোকেই অক্টোৱৰ মাহৰ ভিতৰত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা ব্যক্ত কৰিছে।অৱশ্যে কোভিডৰ বাকী দুটা ঢৌতকৈ তৃতীয় ঢৌৱে বেছি সংহাৰৰ সৃষ্টি কৰাৰ আশংকা কম বুলি প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

গুলেৰিয়াৰ মতে অক্টোৱৰ মাহলৈ দেশৰ বহু লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

তদুপৰি অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ সংখ্যাও এই সময়ছোৱাৰ ভিতৰত বঢ়াব পৰা যাব।

সেয়ে কোভিডৰ তৃতীয়টো ঢৌ সহজে মোকাবিলা কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।

Related News