কেতিয়াও শেষ নহ’ব কৰ’নাভাইৰাছ? কি সাৱধানবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ

COVID-19: This virus may never go away, warns WHO

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন শাখাৰ সঞ্চালক মাইক ৰিয়ানে কৰ’নাভাইৰাছৰ অৱসান সম্পৰ্কে ভৱিষ্যতবাণী কৰাক লৈ এক সাৱধানবাণী শুনাইছে।

কোনেও এই ৰোগৰ কেতিয়া অৱসান হ’ব ভৱিষ্যতবাণী কৰিব নোৱাৰে বুলি মন্তব্য কৰি ৰিয়ানে কয় যে এই ভাইৰাছ কেতিয়াও আঁতৰি নাযাব পাৰে।

“আমাৰ সম্প্ৰদায়সমূহত নিয়মীয়াকৈ পোৱা ই আন এক ভাইৰাছত পৰিণত হ’ব পাৰে, আৰু এই ভাইৰাছ কেতিয়াও আঁতৰি নাযাব পাৰে,” ৰিয়ানে জেনিভাৰ পৰা এক ভাৰ্চুৱেল প্ৰেছ কনফাৰেন্সত কয়।

“এইচ আই ভি আঁতৰি যোৱা নাই— কিন্তু আমি ভাইৰাছবিধক গ্ৰহণ কৰিবলৈ ল’লো।”

তেওঁ কয় যে এই ভাইৰাছবিধৰ বিৰুদ্ধে যদি প্ৰতিষেধক পোৱাও যায়, তথাপিও ইয়াক নিয়ন্ত্ৰণৰ বাবে “বৃহৎ প্ৰচেষ্টা”ৰ প্ৰয়োজন হ’ব।

তেওঁ কয় যে যদি প্ৰতিষেধকৰ বিকাশো হয়, তথাপি এইবোৰৰ উৎপাদন আৰু বিশ্বজুৰি মানুহৰ মাজত বিতৰণৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ শ্ৰমৰ প্ৰয়োজন হ’ব।

বৰ্তমান ক’ভিড-১৯ৰ বিৰুদ্ধে এশবিধতকৈয়ো অধিক সম্ভাৱ্য প্ৰতিষেধকৰ বিকাশ কৰি থকা হৈছে। আৰু খুব কম সংখ্যকৰ মানৱ পৰীক্ষণো আৰম্ভ হৈছে।

কিন্তু ৰিয়ানে বসন্ত ৰোগলৈ আঙুলিয়াই কয় যে ইয়াৰ প্ৰতিষেধক থকা সত্ত্বেও আজিলৈকে তাক নিৰ্মূল কৰিব পৰা হোৱা নাই।

ক’ভিড-১৯ত বিশ্বজুৰি এতিয়ালৈকে প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছে আৰু ৪.৩ নিযুততকৈয়ো অধিক লোক ইয়াত আক্ৰান্ত হৈছে।

আনহাতে, লকডাউনক লৈ তেওঁ কয় যে লকডাউনে সঠিকভাৱে কাম কৰিব আৰু লকডাউন উঠাই দিলে ভাল হ’ব—এই দুয়োটা চিন্তাই বিপদৰ সম্ভাৱনাৰে ভৰপূৰ।