শিৱসাগৰতো ১৫বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ মাজত ক’ভিড-১৯ৰ টীকাকৰণ আৰম্ভ

Sibsagar vaccine ti 15-18 years

ফটো : নৰ্থইষ্ট নাও।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ মাজত ক’ভিড-১৯ ৰ টিকাকৰণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয় ।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত এই কাৰ্যসূচী শুভাৰম্ভ কৰে স্বাস্থ্য বিষয়া গায়ত্ৰী সেনাপতিয়ে।

প্ৰথম দিনাই জিলাখনৰ ১৫ খন বিদ্যালয়ৰ ৪৫০০ ছাত্ৰ-ছাত্ৰীক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে।

অহা ৯ জানুৱাৰীৰ ভিতৰত শিৱসাগৰ জিলাৰ তিনি শতাধিক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ মাজত এই প্ৰতিষেধক প্ৰদান সম্পন্ন কৰা হ’ব।

Also Read: ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো পত্নীসহ কৰ’নাত আক্ৰান্ত অভিনেতা জন আব্ৰাহাম

আনহাতে, ক’ভিড ভেকচিন লৈ সন্তোষ প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে।

 একেদৰে ছাত্ৰ-ছাত্ৰী সকলক ক’ভিড ভেকচিন সুকলমে দিবলৈ সকলো চেষ্টা কৰিব বুলি উল্লেখ কৰিছে স্বাস্থ্য কৰ্মী সকলে।