দিল্লীৰ লোকনায়ক জয় প্ৰকাশ হাস্পতালত ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু হোৱা অজিত শইকীয়াৰ ১৯ মে’ দিনা উত্তৰ দিল্লীৰ নিগম ব’ড ঘাটৰ শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷
লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ মৰ্গত অজিত শইকীয়াৰ নশ্বৰ দেহ চিনাক্তকৰণ কৰি মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই৷
সমগ্ৰ প্ৰক্ৰিয়াটোত উদ্যোগ লৈছিল অসম এছ’চিয়েচন, অসম ভৱন আৰু দিল্লী আৰক্ষীৰ উত্তৰ-পূব শাখাই৷
দিল্লীত থকা অসম এছ’চিয়েচনৰ সম্পাদক দিব্যজ্যোতি দত্তৰ তৎপৰতাত পৰিয়ালে অজিত শইকীয়াৰ মৃত্যুৰ খবৰ পায়৷
কিন্তু লোক নায়ক জয় প্ৰকাশ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই যোৱা ১৩টা দিন মৰ্গত পৰি থাকিল অজিত শইকীয়াৰ মৃতদেহ৷
দিল্লী আৰক্ষী আৰু অসমৰ অনুষ্ঠান দুটাৰ বিষয়ববীয়াই উদ্যোগ গ্ৰহণ কৰি সম্পূৰ্ণ ১৩ দিনৰ পাছত ১৯ মে’ত অজিত শইকীয়াৰ অন্তিম সৎকাৰ কৰে৷
অন্তেষ্টিক্ৰিয়া সম্পন্নৰ পাচত আজি পুৱা পত্নী বন্তি শইকীয়া আৰু সম্পৰ্কীয় ভতিজা কংকণজ্যোতি বৰা অসম এছ’চিয়েচনে ব্যৱস্থা কৰি দিয়া এখন ইন’ভা গাড়ীৰে অসমলৈ বুলি ৰাওনা হৈছে৷
যোৱা ১০ মাৰ্চত বোকাখাতৰ ম’হমাইকী গাঁৱৰ পৰা পত্নী বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লগত প্ৰতিবেশী যুৱক কংকণজ্যোতি বৰাক লৈ দিল্লী যোৱা অজিত শইকীয়া দিল্লীতে ২৮ এপ্ৰিলত কভিড-১৯ত সংক্ৰমিত হৈছিল৷
সংক্ৰমিত হোৱাৰ পাছত ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অজিত শইকীয়া আৰু তেওঁৰ পৰিবাৰক৷
স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২ মে’ত প্লাজমা থেৰাপিৰে চিকিৎসা কৰিবৰ বাবে অজিত শইকীয়াক দিল্লীৰে লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে৷
তাতেই চিকিৎসাধীন অৱস্থাত যোৱা সাত মে’তেই অজিত শইকীয়াৰ মৃত্যু হয়৷
কিন্তু কেতিয়া কি পৰিস্থিতিত কেনেকৈ অজিত শইকীয়াৰ মৃত্যু হ’ল সেয়া ৰহস্য হৈয়ে থাকি গ’ল৷
অজিত শইকীয়াৰ শেহতীয়া পৰিস্থিতিৰ কোনো খবৰেই নাপালে পৰিয়ালে৷