ই এম আৰু অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত সম্পন্ন হ’ল ক’ভিডত মৃত্যু হোৱা ঝন্টু চক্ৰৱৰ্তীৰ শেষকৃত্য

ফটো : নৰ্থ-ইষ্ট নাও

শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ অন্তিম সৎকাৰ মাইবাঙ স্মশানত ক’ভিড প্ৰট’কল মানি সম্পন্ন হয়।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ, ডিমা হাছাও জিলা প্রশাসন আৰু হাফলং ৱেলফেয়াৰ এছ’ছিয়েশ্যনৰ সহযোগত মাইবাঙ স্মশানত ক’ভিড ৰোগত মৃত্যু হোৱা ঝন্টু চক্রৱর্তীৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।

সৎকাৰৰ সময়ত উপস্থিত আছিল পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ই এম তথা মাইবাঙ (ইষ্ট)ৰ পৰিষদ সদস্য নন্দিতা গার্লছা, কালাচান্দৰ পৰিষদ সদস্য ৰতন জাৰাম্বুছা, পৰিষদ সদস্য লিটন চক্ৰৱৰ্তী, ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত দীপক জিদুং, সহকাৰী আয়ুক্ত হেমাঙ্গ নভীছ, হাফলং ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ উপ সভাপতি আশীষ দত্ত, সাধাৰণ সম্পাদক পঙ্কজকুমাৰ দেৱ, কোষাধ্যক্ষ পৃথ্বীশ ভট্টাচাৰ্য।

ইয়াৰ উপৰি মাইবাঙ স্মশান কমিটিৰ কৰ্মকৰ্তা সকলে গোটেই কাৰ্যত সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে শনিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত ঝন্টু চক্রৱর্তীৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছত ডিমা হাছাও প্ৰশাসনৰ ফালৰ পৰা ৰেটজলৰ সমীপৱৰ্তী ডেজিগনেটেড এলেকাত অন্তিম সৎকাৰৰ সকলো ব্যৱস্থা কৰা হৈছিল যদিও পাছত নিকটৱৰ্তী গাঁৱৰ ৰাইজে আপত্তি কৰিছিল।

ইয়াৰ পাছত প্ৰশাসনৰ ফালৰ পৰা পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ই এম নন্দিতা গার্লছাৰ সৈতে বৈঠকৰ পাছত মাইবাঙত ঝন্টু চক্রৱর্তীৰ অন্তিম সৎকাৰ কৰা হ’ব বুলি চুড়ান্ত হয় আৰু তেওঁ নিজে উপস্থিত থাকি গোটেই ব্যৱস্থা পৰ্যালোচনা কৰে।

ই এম নন্দিতা গার্লছাই মাইবাঙত এক সাক্ষাৎকাৰত কয় যে আজি মাইবাঙৰ ৰাইজে ঝন্টু চক্ৰৱৰ্তীৰ অন্তিম সৎকাৰৰ কাৰণে যি সহায় তথা সহযোগ আগ বঢ়ালে সেয়া স্বাভাৱিক দৃষ্টিত উল্লেখণীয়। কাৰণ প্ৰশাসনৰ ফালৰ পৰা বেলেগ ঠাইত অন্তিম সৎকাৰৰ কাৰণে আগভাগ ল’লেও কাম হোৱা নাই। বাধাৰ সৃষ্টি কৰে।

কিন্তু মাইবাঙৰ ৰাইজে ঠিক বিপৰীত স্থিতি গ্ৰহণ কৰি অন্তিম সৎকাৰ কৰাৰ কাৰণে আগুৱাই আহে।

একে ভাবে ডিমা হাছাও জিলাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত দীপক জিদুঙে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ উপৰি সামাজিক সংগঠন হাফলং ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।