NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত নতুনকৈ শতাধিক ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড

January 23, 2022 2:37 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জিলাত কোভিডৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে ৷

জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ ১১০ গৰাকী লোকৰ দেহত কোভিড – ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে ৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৬৩ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৯ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৬৪৪ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ 

শেহতীয়াকৈ  জিলাখনত মুঠ ২,৬৯৬ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয়৷

আনহাতে সুস্থ হৈ উঠিছে ৩৪ গৰাকী ব্যক্তি ৷ জিলাখনত ১ জানুৱাৰীৰ পৰা এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ৯১৭ গৰাকী হৈছে ৷

আনহাতে জিলাখনত শুকুৰবাৰে ১৫ – ১৭ বছৰ বয়সৰ ১৪০ পালি ভেকচিন, ১৮- ৪৪ বছৰ বয়সৰ ১০১০ পালি ভেকচিন, ৪৫ বছৰ ওপৰৰ বয়সৰ ৩২৮ পালি, স্বাস্থ্যকৰ্মীক ১৩ পালি আৰু সূৰক্ষাসূচক ২৬৫ পালি ভেকচিনকে ধৰি মুঠ ১,৭৫৬ পালি ভেকচিন প্ৰদান কৰা হয় ৷

জিলাখনত বৰ্তমানলৈকে সকলো মিলাই মুঠ ৯,৯৭,২২১ পালি ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ৷

Related News