দেশত ছেপ্তেম্বৰৰ তুলনাত অক্টোৱৰ মাহত ৩০ শতাংশ কমিল ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা

COVID19-mupdate-1140x570

দেশক মহা ব্যাধি ক’ৰ’ণাৰ সংক্ৰমণৰ ছবি খন ক্ৰমাৎ ভালৰ দিশলৈ অহা পৰিলক্ষিত হৈছে।

বিগত ছেপ্তেম্বৰ মাহত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৬.২ লাখ আছিল যদিও অক্টোৱৰ মাহত ৰোগীৰ সংখ্যা ১৮.৩ লাখ হয়।অৰ্থাৎ ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোৱৰ মাহত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩০ শতাংশ কমিছে।

একেদৰে অক্টোৱৰ মাহত ছেপ্তেম্বৰৰ তুলনাত মৃত্যুৰ হাৰো কমিছে ২৯ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৪৬,৯৬৪ গৰাকী লোক।

২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৭০ গৰাকী।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৮১ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৮১,৮৪,০৮৩ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৫,৭০,৪৫৮ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,২২,১১১গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৭৪,,৯১,৫১৩ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

দেশৰ কেইখনমান ৰাজ্যত ক’ৰ’ণাৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।