NORTHEAST NOW (Assamese)

বাক্সাৰ নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিডৰ ভয়াৱহ সংক্ৰমণ, ৩৮ গৰাকীৰ দেহত ধৰা পৰিল কোভিড

July 11, 2021 11:46 am · দীপক কুমাৰ পাঠক

বাক্সাৰ নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিডৰ ভয়াৱহ সংক্ৰমণ,

১৫০ গৰাকীৰ ভিতৰত ৩৮ গৰাকীৰ দেহত ধৰা পৰিল কোভিড সংক্ৰমণ।

গাঁও খনত কোভিড সংক্ৰমণৰ হাৰ ২৫.৩৩ শতাংশ ।

এয়া তামুলপুৰ মহকুমাৰ বাবে ভয়ানক খবৰ হিচাপে বিবেচিত হৈছে।

ইতিমধ্যে স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি, নাওকাটা আদিকে ধৰি কেইবাঠাইটো ৰেড জ’ন ঘোষণা কৰি থৈছে।

নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিড ১৯ ৰ ভয়াৱহ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে।

তামুলপুৰ স্বাস্থ্য বিভাগে জনোৱা মতে নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভূটান সীমান্তৰ তৰুণগাঁওত শনিবাৰে দিনটোত কোভিডৰ সংক্ৰমণৰ হাৰ হৈছে ২৫.৩৩ শতাংশ।

স্বাস্থ্য বিভাগৰ লোকে গাঁওখনত ১৫০ লোকৰ দেহত কোভিড পৰীক্ষা কৰিছিল।

১৫০ গৰাকী লোকৰ ভিতৰত ৩৮ গৰাকী লোকৰ দেহত কোভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে।
ইয়াকে লৈ সমগ্ৰ জিলাখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

সংক্ৰমণ হোৱা লোক সকলৰ ভিতৰত শিশু, যুৱক-যুৱতী, মহিলাকে ধৰি বৃদ্ধ লোকো আছে।

এনে  পৰিস্থিতিৰ পিছতো কোভিড বিধি নামানি মাস্ক নিপিন্ধাকৈ ঘূৰিছে একাংশই।

উল্লেখ্য যে শনিবাৰে বাক্সা জিলাত সৰ্বমুঠ ৯৯ গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ ভিতৰত নাগ্ৰীজুলিৰ তৰুণগাঁওত সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৩৮ গৰাকী।

Related News