বীভৎস! চৰাইদেউত কোভিডমুক্ত হৈ খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে মহিলাক গণধৰ্ষণ

বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো চিকিৎসালয়ে নিদিলে এম্বুলেন্স

rape-victim

প্ৰতিনিধিত্বমূলক ছবি

কৰ’নাতংকই বিৰাজ কৰা ৰাজ্যত সংঘটিত হৈছে এক বীভৎস ঘটনা। কোভিড চিকিৎসালয়ৰ পৰা ৰোগমুক্ত হৈ ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী মহিলা গণধৰ্ষণৰ চিকাৰ হ’বলগীয়া হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই নিদাৰুণ ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাত। জিলা খনৰ এখন কোভিড চিকিৎসালয়ৰ পৰা কোভিড নিগেটিভ ৰিপ’ৰ্ট অহাৰ পিছতে প্ৰায় ৪০ বছৰীয়া মহিলাগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

মহিলাগৰাকীয়ে তেওঁৰ কিশোৰী কন্যাৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে তেওঁলোকৰ পিছ লৈছিল কেইটামান পাষণ্ডই।

অভিযোগ অনুসৰি চিকিৎসালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত থকা ঘৰলৈ যাবলৈ মহিলাগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেন্স এখন যোগাৰ কৰি দিবলৈ কৈছিল যদিও চিকিৎসালয় কৰ্তপক্ষই এম্বুলেন্স যোগাৰ কৰি দিব নোৱাৰে বুলি কোৱাত মহিলাগৰাকীয়ে কন্যাৰ সৈতে খোজকাঢ়িয়েই ঘৰমুৱা হৈছিল।

বাটতে পোৱা এখন চাহ বাগিচাৰ মাজত মহিলাগৰাকীক দুটা পাষণ্ডই বলপূৰ্বক পথৰ পৰা উঠাই নিছিল। মহিলাগৰাকীৰ কন্যাই কোনোমতে সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।

কন্যাই ঘটনাটোৰ বিষয়ে কাষৰীয়া লোকক অৱগত কৰাত স্থানীয় লোকে বহু বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ সন্ধান নাপালে।

পিছত মহিলাগৰাকীয়ে নিজেই ঘৰত গৈ উপস্থিত হয়। ঘৰত মহিলাগৰাকীয়ে গণধৰ্ষণৰ চিকাৰ হোৱাৰ কথা প্ৰকাশ কৰে। ২৭ মে’ৰ সন্ধিয়া সংঘটিত এই ঘটনাটোৰ কথা পিছতহে পোহৰলৈ আহে।

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা মতে ২৯ মে’ৰ দিনাহে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰে আৰু অনুসন্ধান চলাই দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য কিছুদিন পূৰ্বে চৰাইদেউ জিলৰ বৰহাট নাগামাটি অঞ্চলৰ এটা পৰিয়াল কোভিডত আক্ৰান্ত হৈছিল। পৰিয়ালৰ সদস্য-সদস্যাসকলক ভৰ্তি কৰোৱা হৈছিল সাপেখাতি মডেল চিকিৎসালয়ত।

কোভিড নিগেটিভ পোৱাত মহিলগৰাকীৰ সৈতে তেওঁৰ কন্যাক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা তেওঁলোকক বহু অনুৰোধ কৰাৰ পিছতো কোমো এম্বুলেন্স যোগান ধৰা হোৱা নাছিল।ফলত সংঘটিত হ’ল এই বীভৎস ঘটনাটো।