NORTHEAST NOW (Assamese)

গোলাঘাটত কোভিড আতংক : দিনটোৰ ভিতৰত সৰ্বাধিক ৮ জন কোভিড ৰোগীৰ মৃত্যু

May 17, 2021 8:06 pm · মীনাক্ষী ফুকন
Updated: May 17, 2021 8:09 pm

বিশ্ব স্বাস্থ্য সংস্থাৰ আইচিএমআৰে ভাৰতবৰ্ষক সৰ্তক কৰিছে যে পৰৱৰ্তী ৭২ ঘন্টাত ভাৰতে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এই মূহুৰ্তত এই সৰ্তকবাণী সঁচা হ’বলৈ গৈছে।

অৰ্থাৎ অধিক সাৱধানতা অৱলম্বন নকৰিলে কোভিড১৯ য়ে অতি সোনকালেই তৃতীয় ঢৌত প্ৰৱেশ কৰিবলৈ যেন গৈ আছে । এই সময়ত ভয়ানকভাৱে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

গোলাঘাটত আজি দিনটোৰ সৰ্বাধিক ৮ জনকৈ কোভিড ৰোগীৰ মৃত্যুৰ খবৰে একপ্ৰকাৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

কোভিডৰ দ্বিতীয় ঢৌত এই পৰ্যন্ত জিলাখনত ২,৯২৬ গৰাকী আক্ৰান্ত হৈছে। বৰ্তমান ৯০৮ জনকৈ লোকৰ শৰীৰত সক্ৰিয় হৈ আছে এই মৰাত্মক ভাইৰাছ।

এই মূহুৰ্তলৈকে মৃতকৰ সংখ্যাই ৩০ ৰ ঘৰ চুলেগৈ। চৰকাৰী সূত্ৰে প্ৰকাশ যে, কালি নিশাৰ পৰা আজি এই সময়ৰলৈকে ৮ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে, যিটো গোলাঘট জিলাৰ বাবে এটা দিনৰ সৰ্বাধিক মৃত্যুৰ সংখ্যা।

আক্ৰান্তসকলৰ ৫ গৰাকী গোলাঘাটৰ কুশল কো‍ঁৱৰ শ্বহীদ হাস্পাতালত মৃত্যু হোৱাৰ লগতে এজন যোৰহাট মেডিকেল কলেজ হাস্পাতালত, এজন বোকাখাতৰ শ্বহীদ কমলামিৰি চিভিল হাস্পাতাল আৰু এজন হ’ম আইছলেশ্যনত মৃত্যু হৈছে।

Related News