কন্টেইনমেন্ট মহকুমা হিচাবে ঘোষণাৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে বোকাখাত মহকুমাত মুঠ ১১১ জন লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে ৷
বৃহস্পতিবাৰৰ দিনটোত বোকাখাত মহকুমাত সংক্ৰমণৰ হাৰ হৈছে ৬.৮৫ শতাংশ৷ বিগত চাৰি দিনতকৈ কিঞ্চিত উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়ে আছে ৷
বৃহস্পতিবাৰৰ দিনা সংক্ৰমণ পোৱা ১১১ গৰাকীৰ ৬৩ গৰাকী নিজ বাসগৃহত, ৫ গৰাকীক চিকিৎসালয়ত আৰু ৪৩ গৰাকী ৰোগীক চাহ বাগিচা ক’ভিড কেয়াৰ চেন্টাৰত ৰখা হয় ৷
ইয়াৰ বিপৰীতে ২৫ গৰাকী ৰোগী সুস্থ হোৱাৰ বাবে নিজ বাসগৃহলৈ যাবলৈ দিয়া হৈছে ৷
মহকুমাটোত কালিৰ দিনটোত ১৪১৬ গৰাকী লোকৰ ৰেট পৰীক্ষা কৰাৰ বিপৰীতে ২০৪ গৰাকী লোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷
ইয়াৰে সংক্ৰমণ ধৰা পৰা বেছি সংখ্যক লোক মেঠনি চাহ বাগিছা আৰু পানবাৰী অনুসুচীত গাওঁৰ বুলি মহকুমা স্বাস্থ্য বিভাগে জনাইছে ৷
ইফালে মহকুমাটোত এতিয়ালৈকে ১৮ বছৰৰ অনুৰ্ধ ৩৯২ গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ পোৱা গৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷
উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ দ্বিতীয় প্ৰবাহৰ সময়ত বোকাখাত মহকুমাত ৪৫ উৰ্ধৰ মুঠ ১৭,১৫৯ গৰাকীক আৰু ১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ মুঠ ৯৬৯৯ গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷