অসহায় পৃথিৱী! ক’ভিডৰ চৰকাৰী নীতি-নিৰ্দেশনাই অমানিশা নমাই আনিছে কুটীৰ শিল্পলৈ

Tiny Industry Teok. final

ফটো: নৰ্থইষ্ট নাও।

ক’ভিডৰ সন্ত্ৰাসে সমাজৰ বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। এই অতিমাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আংশিক লকডাউনকে ধৰি কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

স্বাভাৱিকতে এই নীতি-নিৰ্দেশনাই কৰ’না ভাইৰাছ সংক্ৰমণত কিছু প্ৰতিৰোধৰ  সৃষ্টি কৰিছে যদিও আৰ্থ-সামাজিক দিশত এই নিৰ্দেশনাই যথেষ্ট প্ৰভাৱ পেলাইছে।

বিশেষকৈ দিন হাজিৰা কৰা লোকসকলৰ লগতে কুটীৰ শিল্পৰে জড়িত লোকসকলৰ জীৱনলৈ অমানিশা নামি আহিছে।

যোৰহাট জিলাৰ টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পী গৰাকীৰ জীৱনলৈ এই সময়চোৱাই নমাই আনিছে এক বিপৰ্যয়।

গুৰু আসনকে ধৰি নামঘৰ, আধ্যাত্মিক কৰ্মত ব্যৱহৃত সামগ্ৰী নিৰ্মাণ কৰি সেইসমূহ বিক্ৰীৰ যোগেদি আহৰণ কৰা ধনৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি এই কৰ্মত নিয়োজিত কৰা ৬-৭ জন যুৱকৰ পৰিয়ালৰো তেওঁ উপাৰ্জনৰ পথ সুচল কৰি তুলিছিল।

কিন্তু অতি সম্প্ৰতি ৰাজ্যৰ এই সংকটৰ সময়ত এইজন শিল্পীৰ লগতে শিল্পী গৰাকীৰ কুটীৰ উদ্যোগত জড়িত যুৱক কেইজনৰ পৰিয়াললৈও নামি আহিছে দুৰ্যোগ।

সেয়ে, খাটি খোৱা এইসকলক শিল্পী তথা কৃষকক কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে সচেতন ৰাইজে।