গোলাঘাটত কোভিড-১৯ সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰিলে উপায়ুক্তই

images.jpeg-11(1)

প্ৰতিনিধিত্বমূলক ফটো।

কোভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ভালেমান নিৰ্দেশনা জাৰি কৰিছে । গোলাঘাট জিলাতো এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ বাবে জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে –

১/ ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্য খাদ্য বিপনীসমূহত সন্ধিয়া ৬ বজালৈকেহে গ্ৰাহকে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব ।

অৱশ্যে এনে খাদ্য বিপনীত খাদ্য গ্ৰহণ কৰিব নোৱাৰিলেও হোম ডেলিভাৰী বা খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত নিয়মীয়া সময়েই কাৰ্যকৰী হ’ব ।

২/ হোটেল বা ৰিজ’ৰ্টৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহে সন্ধিয়া ৬ বজাৰ পাছত বাহিৰৰ গ্ৰাহকক সেৱা আগবঢ়াব নোৱাৰিব । অৱশ্যে হোটেল বা ৰিজ’ৰ্টত থকা লোকক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নিয়মীয়া সময়েই কাৰ্যকৰী হ’ব ।

৩/ ই-কমাৰ্চ অৰ্থাৎ অনলাইন ব্যৱস্থাৰে ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰী বিয়লি ৬ বজাৰ পাছতো  যোগান ধৰিব পাৰিব ।

৪/ শীতল ভঁৰাল আৰু গুদামসমূহ সন্ধিয়া ৬ বজাৰ পাছতো খোলা ৰাখিব পাৰিব । অৱশ্যে এনে শীতল ভঁৰাল বা গুদামৰ সৈতে সংলগ্ন শ্ব’ৰুম বা বিক্ৰী কেন্দ্ৰ সন্ধিয়া ৬ বজাৰ পাছত বন্ধ কৰিব লাগিব ।

৫/ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱা হোৱা হেতু ফাৰ্মাচী, হস্পিটেল, পশুৰ যতন কেন্দ্ৰ আৰু পশু চিকিৎসালয়সমূহৰ কাম-কাজ কোনোধৰণৰ নিষেধাজ্ঞা অবিহনে অব্যাহত থাকিব ।