NORTHEAST NOW (Assamese)

আজিৰ দিনটোত বৰ্তমানলৈ ক’ৰ’না মুক্ত ২৪৫ গৰাকী; ৰাজ্যত আৰোগ্য লাভৰ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি

June 15, 2020 10:25 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে পুনৰ ৰাজ্যবাসীক সুখবৰ দিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে অসমৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ২০৬ গৰাকী ক’ৰ’না আক্ৰান্ত লোকক সুস্থ হৈ উঠাৰ বাবে মুক্তি দিয়াৰ পাছত পুনৰ ৩৯ গৰাকী ৰোগীক ক’ৰ’না মুক্ত ঘোষণা কৰা হয়।

আজিৰ দিনটোত এতিয়ালৈ মুঠ ২৪৫ গৰাকী লোক ৰাজ্যত ক’ৰ’না মুক্ত হৈছে।

ইয়াকে লৈ অসমত বৰ্তমানলৈ মুঠ ২২০৫ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১৯৪২ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

অসমত বৰ্তমান সক্ৰিয় ক’ৰ’না আক্ৰান্তৰ সংখ্যাক ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা সংখ্যাই অতিক্ৰম কৰিছে।

উল্লেখযোগ্য যে, অসমত মুঠ ৪১৫৮ গৰাকী লোক এই পৰ্যন্ত ক’ৰ’না আক্ৰান্ত হৈছে ইয়াৰ বিপৰীতে ৮ গৰাকী ব্যক্তিয়ে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

বৰ্তমানলৈ ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ হৈছে ৫৩ শতাংশ।

Related News