NORTHEAST NOW (Assamese)

আজি ৰাজ্যত কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমানৰ হ’ল মৃত্যু?

June 7, 2021 8:41 pm · এন ই নাও নিউজ
Updated: June 7, 2021 8:46 pm

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে।
একেদৰে হ্ৰাস পাই আহিছে পজিটিভিটিৰ হাৰ ।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ চাৰি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৩৭ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩০৮০৪ গৰাকী লোক ।
আজি ১,২৪,৩১৬ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩১৮ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ৩.০৬ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৭.৭৬ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।

ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ উন্নতি হোৱালৈ চাই কোভিড এছঅ’পিৰ কিছু সাল-সলনি ঘটাইছে।
কালিৰে পৰা দিনৰ ১২ বজালৈ ৰাজ্যৰ সকলো স্থানতে খোলা ৰাখিব পৰা গৈছে দোকান-পোহাৰ আদি।

Related News