NORTHEAST NOW (Assamese)

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত, কিমান জনে সাৱটিলে মৃত্যুক?

June 14, 2021 8:56 pm · এন ই নাও নিউজ

দিন যোৱাৰ লগে ৰাজ্যৰ কোভিড পৰিস্থিতি বহু খিনি উন্নত হৈছে।

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে।

একেদৰে হ্ৰাস পাই আহিছে পজিটিভিটিৰ হাৰ ।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ তিনি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৪৩ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩৬৭৮ গৰাকী লোক ।
আজি ১,৪৬,০৪৬ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ২৩২ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৫২ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৯০.৩৪ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ৩ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে ৰাজ্যৰ পাঁচ খন জিলাত এতিয়াও কোভিড পৰিস্থিতি জটিল হৈয়ে আছে।

ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ উন্নতি হোৱালৈ চাই কোভিড নিষেধাজ্ঞা ১৫ জুনৰ পৰা বহু খিনি শিথিল কৰাৰ সম্ভাৱনা আছে।

Related News