অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।
তেওঁ বিশ্ববেংকৰ ধনেৰে ডিচেম্বৰ মাহৰ পৰা মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু টিৰাপ নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি কয়। মন্ত্ৰী হাজৰিকাক এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মাই সংগ দিয়ে ।
টিৰাপ আৰু বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ বিঘা ভূমি নদীৰ বুকুত জাহ গৈছে । গৰাখহনীয়াইবহু কৃষিজীৱি লোকৰ জীৱনলৈ নমাই আনিছে কাল অমানিশা। নৈ কাষৰীয়া লোকসকলে বুঢ়ীদিহিং আৰু টিৰাপ নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও পূৰ্বৰ কোনো এখন চৰকাৰেই এই ক্ষেত্ৰত ফলপ্ৰসূ কাৰ্যব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই।
এইবাৰ নতুন চৰকাৰৰ নতুন জলসম্পদ মন্ত্ৰীয়ে প্ৰকৃততে কি কৰে তালৈ আশাৰে বাট চাই ৰৈছে ৰাইজে।