NORTHEAST NOW (Assamese)

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু হ’ল কিমান জনৰ?

August 13, 2021 8:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ তলতে আছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৭৬৩ গৰাকী লোক।

আজি ৰাজ্যখনত মুঠতে ১,১৫,৪৬৫ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১২৪ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৬৬ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৭.৩৩ শতাংশ।

কোভিড পৰিস্থিতৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰা হ’ব।

অতিমাৰীৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে আজি স্বাধীনতা দিৱস উপলক্ষ্যে এখন নতুন SOP প্ৰকাশ কৰিছে।

নতুন SOP ত স্বাধীনতা দিৱসৰ কেনে কাৰ্যসূচীত কিমান সংখ্যক লোকে অংশগ্ৰহণ কৰিব পাৰিব সেই বিষয়ে উল্লেখ্য কৰা উল্লেখ কৰা হৈছে। SOP অনুসৰি ৰাজ্যিক ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কতাৰ্যসূচীত সৰ্বাধিক ১৫০০ গৰাকী লোকে অংশ ল’ব পাৰিব।

জিলা ভিত্তিত মুকলি ঠাইত অনুষ্ঠিত কৰা স্বাধীনতা দিৱৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০ গৰাকী লোক উপস্থিত থাকিব পাৰিব। একেদৰে মহকুমা ভিত্তিত কোনো মুকলি স্থানত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সৰ্বাধিক ৩০০ লোক উপস্থিত থাকিব পাৰিব।

এই স্থান সমূহৰ উপৰি আন স্থানত অনুষ্ঠিত কৰা অনুষ্ঠানত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।

কোনো বন্ধ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত প্ৰেক্ষাগৃহৰ আসমৰ সংখ্যাৰ ৫০ শতাংশ লোক অথবা সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব।

SOP ত লগতে এইবুলিও কোৱা হৈছে যে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী আৰু আন লোকসকলক কাৰ্ফিউৰ পৰা ৰেহাই দিয়াৰ লগতে বাহনৰ যুগ্ম-অযুগ্ম ব্যৱস্থাৰ পৰাও ৰেহাই দিয়া হ’ব।

একেদৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে যাৱতীয় কোভিড বিধি যেনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব  মানি চলা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি নিয়ম সমূহ মানি চলিব লাগিব।

Related News