NORTHEAST NOW (Assamese)

অসমত কেতিয়ালৈ সম্পূৰ্ণ উন্নতি ঘটিব কোভিড পৰিস্থিতিৰ, সাম্ভাৱ্য সময় জনালে মুখ্যমন্ত্ৰীয়ে

May 24, 2021 8:38 pm · এন ই নাও নিউজ
Updated: May 24, 2021 8:41 pm
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যদিও পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়েই আছে।
ৰাজ্যত এসপ্তাহৰ ভিতৰত কোভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিব। আজি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ২৮ খন কোভিড আইচিইউ বিচনা মুকলি কৰাৰ পিছত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ১৫ জুনৰ পিছতহে কোভিড পৰিস্থিতি বিশেষ ভাবে নিয়ন্ত্ৰণলৈ আহিব।

আজি কোভিড আইচিইউ মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে। ইপিনে আজিৰ দিনটোত কোভিডে কাঢ়ি নিছে গৰাকী ৮৪ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৬২২১ গৰাকী লোক ।
আজি ১২০৬৬৮ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৭২৯গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৫.১৬ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.৮৬ শতাংশ ।

Related News