গোৰক্ষক বাহিনীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’ল এজন ধৰ্মীয় সংখ্যালঘু লোক।
যোগীৰাজ্য উত্তৰপ্ৰদেশৰ মোৰাদাবাদ জিলাৰ এখন গাঁৱত দেওবাৰে আবেলি এই ঘটনা সংঘটিত হৈছে।
এজন মুছলিম লোকে গোমাংস বিক্ৰী কৰাৰ অভিযোগত এটা দুৰ্বৃত্তৰ দলে তেওঁক আক্ৰমণ কৰে।
দলটোক নেতৃত্ব দিয়া লোকজনে নিজকে গোৰক্ষক বুলি পৰিচয় দিয়ে।
ঘটনাটোৰ এটা ভিডিঅ’ত দেখা পোৱা গৈছে যে ভুক্তভোগীজনক গোৰক্ষকসকলে লাঠিৰে কোবাই মাটিত বগৰাই দিছে।
ভুক্তভোগীৰ ভাতৃৰ অভিযোগমৰ্মে এই সম্পৰ্কত এটা গোচৰ ৰুজু হৈছে।
গোচৰটোত কোৱা হৈছে গোৰক্ষক বাহিনীটোৱে ভুক্তভোগীজনে এখন স্কুটাৰl ৫০ কেজি ম’হৰ মাংস কঢ়িয়াই নিয়াৰ অৱস্থাত আক্ৰমণৰ লক্ষ্য কৰি লয়।
তদুপৰি গোৰক্ষক বাহিনীটোৱে ভুক্তভোগীজনৰ পৰা ৫০,০০০ টকাৰো দাবী কৰে আৰু আৰক্ষীক অভিযোগ নিদিবলৈ ভাবুকি প্ৰদান কৰে।
আনহাতে, গোৰক্ষক বাহিনীয়েও ভুক্তভোগীজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।
গোচৰটোত ভুক্তভোগীজনে জীৱহত্যা, বেমাৰ বিয়পোৱা আৰু ক’ভিড লকডাউন ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
ভুক্তভোগীজনৰ নাম মহম্মদ শ্বাকিৰ বুলি জানিব পৰা গৈছে।
थाना कटघर क्षेत्रान्तर्गत हुयी घटना के सम्बंध में #SSP @moradabadpolice की बाईट। थाना कटघर पर मुकदमा पंजीकृत किया गया है। अभियुक्तों की गिरफ्तारी हेतु पुलिस टीमें गठित की गई है। संभावित ठिकानों पर लगातार दबिश दी जा रही है। विधिक कार्यवाही शीघ्र पूर्ण की जायेगी। @Uppolice @dgpup pic.twitter.com/JKG7xStbAT
— MORADABAD POLICE (@moradabadpolice) May 24, 2021
গোৰক্ষকৰ গোচৰৰ ভিত্তিত ভুক্তভোগী শ্বাকিৰক আৰক্ষীয়ে আটক কৰে যদিও জামিনত মুক্তি লাভ কৰে।
আনহাতে, মনোজ ঠাকুৰ নামৰ গোৰক্ষক বাহিনীক নেতৃত্ব দিয়া লোকজনক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা নাই।
মোৰাদাবাদ আৰক্ষীয়ে সোমবাৰে জনোৱামতে, এই সম্পৰ্কত চাৰিজন লোকক আটক কৰা হৈছে আৰু দুজন লোক ধৃত অৱস্থাত আছে।