আজি ৰাজ্যত কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমানৰ হ’ল মৃত্যু?

Covid_1

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে।
একেদৰে হ্ৰাস পাই আহিছে পজিটিভিটিৰ হাৰ ।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ চাৰি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৫৫ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৩৭৫১ গৰাকী লোক ।
আজি ১,১৫,৮০৬ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৪৩০ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ৩.২৪ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৭.৯৯ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি। ১৫ জুনৰ ভিতৰত ৰাজ্যৰ কোভিড পৰিস্থিতি অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে।