NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত নতুনকৈ ১৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত ,মুঠ আক্ৰান্ত কিমান?

July 21, 2021 10:14 pm · প্ৰণৱ কুমাৰ ডেকা

বঙাইগাঁও জিলাত বুধবাৰৰ দিনটোত নতুনকৈ পুনৰ ১৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে সুস্থ হৈ উঠিছে ১৯ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ ১৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ  ১৬০ জন সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১২২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৮ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

আনহাতে বুধবাৰে জিলাখনত  মুঠ ২,৭০১ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ২১ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৪৮৯ জন হৈছে ৷

Related News