• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যতিক্ৰম! মক্কাত প্ৰথমবাৰৰ বাবে হজ যাত্ৰীৰ সুৰক্ষাত নিয়োজিত মহিলা নিৰাপত্তাৰক্ষী

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 6:57 am
mohi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ পীঠস্থান মক্কাত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।

ৰক্ষণশীল দেশ হিচাবে জনাজাত চৌদি আৰৱত এইবাৰ নজিৰ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে মহিলা নিৰাপত্তা কৰ্মী নিয়োজিত হৈছে হজ যাত্ৰীৰ সুৰক্ষাত।

Apply Now

কথাষাৰ শুনিবলৈ কিছু আচহুৱা যেন লাগিলেও এয়া এতিয়া বাস্তৱত পৰিণত হৈছে।

চৌদি আৰৱৰ এগৰাকী যুৱতী, নাম তেওঁৰ মনা।মহিলাক সদায় বোৰ্খাৰ মাজতে আৱদ্ধ কৰি ৰাখিব বিচৰা দেশ খনৰ বাসিন্দা মনা এতিয়া ব্যস্ত সামৰিক পোছাক পৰিধান কৰি হজযাত্ৰীৰ সুৰক্ষা প্ৰদানত।

মক্কাৰ মছজিদৰ চৌদিশে মনাৰ দৰেই আন বহু যুৱতীয়ে পুৰুষৰ দৰেই সামৰিক পোছাক পিন্ধি তহল দি থকা দেখিবলৈ পোৱা গৈছে।

এই প্ৰসংগতে মনাই কৈছে—’মই মোৰ স্বৰ্গগামী পিতৃৰ পদাংক অনুসৰণ কৰিয়েই নিৰাপত্তা বাহিনীত যোগ দিছো।মোৰ পিতৃও এগৰাকী নিৰাপত্তা বাহিনীৰ জোৱান আছিল। মৃত্যুৰ পিছত মই তেওঁৰ আধৰুৱা সপোন পূৰণ কৰিব বিচাৰিছো’।

উল্লেখ্য পৰম্পৰা ভংগ কৰি চলিতবৰ্ষৰ এপ্ৰিল মাহৰে পৰা চৌদি আৰৱৰ বহু যুৱতীয়ে দেশ খনৰ নিৰাপত্তা বাহিনীত যোগদান কৰি মক্কাত হজযাত্ৰীৰ সুৰক্ষাত নিয়োজিত হৈছে। ইছলামিক দেশ খন বহু যুৱতীয়ে এতিয়া খাকী অথবা সামৰিক পোছাক পিন্ধি পুৰুষৰ দৰেই সমানে নিৰাপত্তাৰ কামত জৰিত হৈ পৰিছে।

উল্লেখ্য চৌদি ৰজা ৰাজকুমাৰ মহম্মদ বিন ছলমানে বিগত কিছু বছৰ ধৰি দেশ খনৰ সামাজিক তথা অৰ্থনৈতিক সংস্কাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তাৰেই ফলশ্ৰুতিত ৰক্ষণশীল দেশ হিচাবে পৰিচিত চৌদি আৰৱৰ মহিলাই এতিয়া চাৰিচকীয়া গাড়ীৰ লগতে মটৰ চাইকেল চলোৱাৰ অনুমতি লাভ কৰিছে।ৰজা ছলমনে গ্ৰহণ কৰা ভিজন ২০৩০ ৰ সুবাদতে এতিয়া চৌদি মহিলায়ো বহু ক্ষেত্ৰত পুৰুষৰ সমানে খোজ পেলাবলৈ সক্ষম হৈছে।

ছলমনে চৌদি আৰৱত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰাৰ লগতে মহিলাসকলকো বহু বিষয়ত স্বাধীনতা প্ৰদান কৰিছে।

সেইবাবেই সামৰিক তথা নিৰাপত্তা বাহিনীতো মহিলাই যোগদান কৰাৰ সুযোগ পাইছে। ক’ৰ’না ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা আতংকৰ বাবেই এইবাৰো মক্কাত হজযাত্ৰাত কেৱল চৌদি আৰৱৰ লোকসকলকহে অনুমতি প্ৰদান কৰা হৈছে।

এইবেলি সেয়ে নিজৰ দেশৰ হজযাত্ৰীসকলকেই নিৰাপত্তা প্ৰদান কৰিব চৌদি মহিলা নিৰাপত্তা কৰ্মীয়ে। কাব্বাত নিয়োজিত মহিলা নিৰাপত্তা কৰ্মী চামাৰে কয়’ এইক্ষেত্ৰত তেওঁক তেওঁৰ পৰিয়ালে পূৰ্ণ সমৰ্থন জনাইছে। এটা ধৰ্মীয় অনুষ্ঠানত এনেদৰে নিৰাপত্তাত নিয়োজিত হ’বলৈ পাই মই নথৈ সুখী’।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd