NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত নতুনকৈ ৪০ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

June 16, 2021 8:36 pm · প্ৰণৱ কুমাৰ ডেকা
Updated: June 16, 2021 8:38 pm

বঙাইগাঁও জিলাত ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানো কিন্তু দৈনিক ক’ভিডত আক্ৰান্ত হৈয়ে আছে বিভিন্নজন ব্যক্তি ৷

জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ ৪০ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৩৬ আছে ৷

সেইদৰে বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২২ জনকৈ ৰোগী ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৬ জুনলৈকে মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৪১৮ জন হৈছে ৷

আনহাতে জিলাখনত বুধবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ০.৬ শতাংশ ৷

Related News