বঙাইগাঁও জিলাত ক’ভিডত আক্ৰান্ত তিনি শিশু,নতুনকৈ ৩৬ জন ব্যক্তি আক্ৰান্ত

bbn

ৰাজ্যত শেহতীয়াভাৱে শিশুৰ মাজতো ক‘ভিড – ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে বঙাইগাঁও জিলাতো তিনিটি শিশু আক্ৰান্ত হৈছে ৷

জিলাখনৰ ক’ভিডত আক্ৰান্ত তিনি শিশুৰ ভিতৰত দুটি দহ বছৰ বয়সৰ ভিতৰৰ আৰু এটি দহৰ পৰা ওঠৰ বছৰৰ ভিতৰৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত নতুনকৈ ৩৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে৷

ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪১ জন আছে  ৷

ইয়াৰ ভিতৰত ৯৪ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে সোমবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২৯ জনকৈ ৰোগী ৷ ইপিনে জিলাখনত সোমবাৰে মুঠ ৪,৩৬২ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২৮ জুনলৈকে মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৮১৩ জন হৈছে ৷

জিলাখনত সোমবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ০.৪ শতাংশ ৷ উল্লেখ্য যে সোমবাৰে জিলাখনত ১৮- ৪৪ বছৰ বয়সৰ ভিতৰৰ আৰু ৪৫ বছৰ বয়সৰ ওপৰৰ ব্যক্তিক  মুঠ ৩,৪৯৯ পালি ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷

জিলাখনত বৰ্তমানলৈকে মুঠ ১,৬৩,৬৯৩ পালি ভেকচিন প্ৰদান কৰা হৈছে ৷