NORTHEAST NOW (Assamese)

COVID-19 দেশত কোভিড-১৯ ৰ চতুৰ্থ ঢৌ! চিন্তিত আইচিএমআৰ

June 11, 2022 3:49 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশত কোভিড-১৯ ৰ ঘটনা হঠাৎ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে আইচিএমআৰ।আইচিএমআৰৰ এজন শীৰ্ষ বিষয়াই কৈছে যে শীঘ্ৰেই দেশত কৰোনা ভাইৰাছৰ সম্ভাৱ্য চতুৰ্থ ঢৌৰ আশংকা আছে যদিও আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

আইচিএমআৰৰ এডিজি সমীৰণ পাণ্ডাই কয় “কোভিডৰ প্ৰতিটো প্ৰকাৰেই চিন্তাৰ সৃষ্টি কৰিব পৰা প্ৰকাৰ নহয়।” ইপিনে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ চিঠি লিখি কোভিড পৰিস্থিতি “নিয়ন্ত্ৰণত” ৰখাটো নিশ্চিত কৰিবলৈ কৈছে। সকলো স্বাস্থ্য কেন্দ্ৰত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু এছএআৰআই ৰোগৰ নিৰীক্ষণ বৃদ্ধি কৰিবলৈো পত্ৰ খনত কোৱা হৈছে।

উল্লেখ্য যোৱা কেইদিনমানত সংক্ৰমণৰ ধাৰা অব্যাহত ৰাখি দৈনিক সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে পজিটিভিটিৰ হাৰ আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

আনহাতে, কৰ’নাৰ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ফলত সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষত থকা তিনিখন ৰাজ্যক কেন্দ্ৰই সতৰ্ক কৰি দিছে।শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৫৮৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এইটো যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক।

বৰ্তমান, দেশত কৰ’নাৰ ৩৬ হাজাৰ ২৬৭ জন সক্ৰিয় ৰোগী আছে। এয়া বৃহস্পতিবাৰৰ তুলনাত ৩,০০০ অধিক।দেশখনত সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশত উপনীত হৈছে।

দৈনিক পজিটিভিটিৰ হাৰ ২.২৬ শতাংশলৈ বৃদ্ধি পাইছে।প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত কৰ’নাত ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সংখ্যাও পূৰ্বৰ দিনতকৈ অধিক। এতিয়ালৈকে দেশত মুঠ কোভিড মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭৪৭জন।

দৈনিক কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগতে সুস্থতাৰ হাৰো উদ্বেগজনক। পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪৪ হাজাৰ ৯২ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।

Related News