বঙাইগাঁও, চাপৰত ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদানৰ শুভাৰম্ভণি

ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে সোমবাৰে বঙাইগাঁও জিলাতো ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয়।

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও চহৰৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে এই টিকা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য, সহকাৰী আয়ুক্ত মুনমী শইকীয়াৰ লগতে কেইবাগৰাকীও স্বাস্থ্য বিষয়াৰ উপস্থিতিত এই ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক টিকা প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।বিদ্যালয়খনৰ বৰ্ষা দেৱী নামৰ ছাত্ৰীগৰাকীক প্ৰথমে এই টিকা প্ৰদান কৰা হয়।

উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই ভাষণ প্ৰসংগত কয় যে কিছুমান দেশত ইতিমধ্যে ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। কোভিডৰ ভয়াবহতাৰ পৰা সকলো স্তৰৰ লোকক সুৰক্ষিত কৰি ৰাখিবলৈ ১৮ বছৰ বয়সৰ ওপৰৰ লোকসকলক ভেকচিন দিয়াৰ উপৰিও ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীকো এই টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷

সোমবাৰে জিলাখনৰ ৪০খন বিদ্যালয়ত টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ১০ হেজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰথম দিনা টিকা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। চাপৰতো ১৫বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষার্থীক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয়।আজি পুৱা প্ৰায় ৯:৩০বজাত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে।

এই অনুষ্ঠানত শিক্ষা বিষয়া দাসৰ লগতে চাপৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আবুল কালাম আজাদ, বিদ্যালয়খনৰ অধ্যক্ষ হজৰত আলী, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক প্ৰসাদ সহিতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলীয়ে জানিবলৈ দিয়া মতে আজি বিদ্যালখনৰ ৩৭০জন ছাত্ৰ-ছাত্ৰীক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়।ইয়াৰ উপৰিও চাপৰৰ বহলপুৰ ছোৱালী হাই স্কুলত ৪০ গৰাকী ছাত্ৰী, ৰঙামাটি হাই স্কুলত ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়।