বোকাখাত মহকুমাত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বোকাখাত মহকুমাটো আজিৰে পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ।

এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ সন্দৰ্ভত আজি মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি ডা: নেহা যাদৱৰ সভাপতিত্বত মহকুমা স্বাস্থ্য বিষয়া ডা:ভাৰত ফুকনৰ আৰু মহকুমাটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷

সভাত এই প্ৰতিষেধক কাৰ্যসূচী কিদৰে সুপৰিকল্পিত আৰু ক্ষিপ্ৰতাৰে এশ শতাংশ টিকাকৰণৰ লক্ষ্যত উপনীত হ’ব পাৰি তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

মহকুমাধিপতিয়ে সভাত উপস্থিত বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক নিজ নিজ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিষেধক গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায় লগতে অহা ২০ জানুৱাৰীৰ ভিতৰত এই প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীত যিখন শিক্ষানুষ্ঠানে সৰ্ব প্ৰথমে এশ শতাংশ সম্পূৰ্ণ কৰিব সেই শিক্ষানুষ্ঠানক গণৰাজ্য দিৱসৰ দিনা মহকুমা প্ৰশাসনৰ দ্বাৰা পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰে ।

উল্লেখ্য ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ কিশোৰীক ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ প্ৰথম দিনটোত আজি বোকাখাত মহকুমাৰ ১৫ খন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷