২ অক্টোৱৰত বঙাইগাঁও জিলাত বিশাল কোভিড টীকাকৰণ অভিযান

বঙাইগাঁও জিলাত অহা ২ অক্টোৱৰত বিশাল কোভিড-১৯ টীকাকৰণ অভিযান অনুষ্ঠিত হ’ব।

আগন্তুক দুৰ্গা পূজাত যাতে বৃহৎ সমাগমৰ পৰা মানুহৰ গালৈ কোভিড মহামাৰী সংক্ৰমিত হৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে পূজাৰ পূৰ্বে ৰাইজক সজাগ কৰাৰ বাবে এই বিশাল কোভিড টীকাকৰণৰ আয়োজন কৰা হৈছে ৷

ইয়াৰ উপৰিও কোভিডৰ তৃতীয় ঢৌত মানুহৰ জীৱন বিপদাপন্ন হোৱাৰ পৰা ৰক্ষা পাবলৈকো দুৰ্গা পূজাৰ আগতে কোভিড মহামাৰীৰ টীকা লৈ নিজকে সুৰক্ষিত কৰাৰ বাবে চৰকাৰে এই বিশাল কোভিড-১৯ ৰ টীকাকৰণ অভিযানৰ ব্যৱস্থা কৰিছে।

এই উপলক্ষ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ সভাপতিত্বত এখন জৰুৰী সভা অনুষ্ঠিত হয়।জিলাখনৰ চিকিৎসা তথা স্বাস্থ্য বিষয়াৰ উপস্থিতিত মহাবিদ্যালয়মূহৰ অধ্যক্ষ, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বঙাইগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, সমাজ কল্যাণ বিভাগৰ বিষয়াসকল, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক, বঙাইগাঁও পৌৰসভাৰ বিষয়ববীয়া আদিৰ লগত অনুষ্ঠিত সভাত বিশাল টীকাকৰণ অভিযান সম্পৰ্কত আলোচনা কৰা হয়।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ নিৰ্ধাৰিত টীকাকৰণৰ লক্ষ্য হৈছে ২৫০০০ হিতাধিকাৰী। এই লক্ষ্যত উপনীত হ’বলৈ কোভিড-১৯ ৰ প্ৰতিষেধক টীকা ল’বলৈ এতিয়াও বাকী থকা লোকসকলক টীকা লোৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

যদি কোভিডৰ প্ৰথম পালি টীকা এতিয়াও কোনোবাই ল’বলৈ বাকী আছে তেতিয়াহলে এই বিশাল টীকাকৰণ অভিযানৰ দিনা টীকা গ্ৰহণ কৰাটো সুবিধাজনক হ’ব আৰু দ্বিতীয় পালি কোভিড টীকা লোৱাৰ বাবে যিসকলৰ সময় হৈছে অৰ্থাৎ নিৰ্দিষ্ট সময়সীমা অতিক্ৰম কৰিছে তেওঁলোকেও এই টীকাকৰণ অভিযানৰ সুবিধাতে দ্বিতীয় পালি টীকা ল’ব পাৰিব।

ইয়াৰ বাবে কোভিড টীকাকৰণ কেন্দ্ৰ বঢ়োৱা হ’ব। বজাৰ এলেকা, মহাবিদ্যালয় আদি স্থানত কোভিড টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেয়ে কোভিড-১৯ প্ৰতিষেধক টীকা গ্ৰহণ কৰি নিজকে সুৰক্ষিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক আহ্বান জনাইছে ৷ আশাকৰ্মী, অংগনৱাডী কৰ্মীয়ে এইক্ষেত্ৰত প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ কোভিড প্ৰতিষেধক টীকা ল’বলৈ সজাগ কৰিব।

সেইদৰে মহাবিদ্যালয়ৰ অধ্যক্ষসকলেও ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীখিনিৰ লগতে তেওঁলোকৰ অভিভাৱকসকলক সজাগ কৰিব ৷ এইক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনে সমূহ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।