দ্ৰুত সংক্ৰমণশীল কোভিডৰ এক্স ই প্ৰজাতিয়ে চিন্তাৰ উদ্ৰেক ঘটাইছে ভাৰতত

india-covid-1

প্ৰতিনিধিত্বমূলক ফটো।

কোভিডৰ নতুন প্ৰজাতি এক্স ইকলৈ এতিয়া চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিজ্ঞানীসকল। জুন মাহৰ পৰা পূৰ্ণগতিত দেশত কোভিডৰ চতুৰ্থ ঢৌ আহিব বুলি বিভিন্ন মাধ্যমত চৰ্চা হৈ আছে।

এনে সময়তে ভাৰতত কোভিডৰ এক্সই প্ৰজাতিত আক্ৰান্ত লোকো ধৰা পৰিছে।

এক্স ই প্ৰজাতিৰ সংকৰমণে এতিয়া চিন্তিত কৰি তুলিছে চৰকাৰকো।বিশ্বৰ পৰা এতিয়াও কোভিডৰ আতংক দূৰ হোৱা নাই।

়সময় বাগৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছে ইয়াৰ ৰূপ তথা চৰিত্ৰৰ সলনি ঘটাই গৈছে।ডেল্টা, অমিক্ৰন আদি প্ৰজাতিৰ পিছত কোভিডৰ নতুন প্ৰজাতি এক্স ইৰ উপস্থিতি ধৰা পৰিছে।

অমিক্ৰনতকৈ ১০ গুণে বেছি সংক্ৰামক এক্স ই প্ৰজাতি বিধকলৈ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰতি খন দেশকে সতৰ্ক কৰি দিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন প্ৰজাতি এক্স ই অমিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.২-তকৈ কমেও দহ গুণ অধিক সংক্ৰামক।

এতিয়ালৈকে, বি.এ.2 প্ৰজাতিক কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে।কোভিডৰ বি.এ.২ উপ-প্ৰজাতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ত্ৰাসৰ সৃষ্টি কৰিছিল।এই এক্স ই প্ৰজাতিটো প্ৰকৃততে কি? বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰন, বি.এ.১ আৰু বি.এ.২-ৰ সংমিশ্ৰণতে এক্স ই প্ৰজাতিটোৰ সৃষ্টি হৈছে।

এই প্ৰজাতিটো প্ৰথমবাৰৰ বাবে ১৯ জানুৱাৰীত ব্ৰিটেইনত চিনাক্ত কৰা হৈছিল।

এতিয়ালৈকে বিশ্বত ৬০০ গৰাকী লোক কোভিডৰ নতুন প্ৰজাতি এক্স ইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

দক্ষিণ-পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত মাৰাত্মক ভাইৰাছবিধ বিয়পি পৰাৰ আশংকা কৰা হৈছে।