NORTHEAST NOW (Assamese)

অসমত ১০২০ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮৪.৮৯ শতাংশ

October 13, 2020 11:18 pm · এন ই নাও নিউজ

১০২০গৰাকী ব্যক্তিয়ে মঙলবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লোকৰ সংখ্যা ১,৬৭,০৫৬লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৮৪.৮৯ শতাংশ।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮,৮৯৭ (।)

আনহাতে ১৪৮২গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

১,২৬,২৭৯টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ১.১৭ শতাংশ।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৯৬,৭৮৬লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা (৫০), শিৱসাগৰৰ সৰুমাই বেগম (৫৫), কামৰূপ মহানগৰৰ বিনোদ কুমাৰ আগৰৱালা (৬১) আৰু যোৰহাটৰ হীৰেন লেখাৰু (৬৯)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৮২৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News