NORTHEAST NOW (Assamese)

অসমত ১৪৪১ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮১ শতাংশলৈ বৃদ্ধি

October 2, 2020 11:52 pm · এন ই নাও নিউজ

১৪৪১গৰাকী ব্যক্তিয়ে শুকুৰবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৪৮,৯৬০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ হৈছে ৮১ শতাংশ।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৪,১২৮ (।)

আনহাতে আৰু ১৪১৬গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ২৮,৩০১টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৫ শতাংশ। বৃহস্পতিবাৰে এই হাৰ আছিল ৩.৯৮ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৪৫, যোৰহাটৰ ১১০, ডিব্ৰুগড়ৰ ১০৩ আৰু গোলাঘাটৰ ১০১গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮৩,৮১২লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু দহগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭২১লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News