NORTHEAST NOW (Assamese)

অসমত ১৭৯৫ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮১.০৫ শতাংশলৈ বৃদ্ধি

September 21, 2020 10:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৭৯৫গৰাকী ব্যক্তিয়ে সোমবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা ১,২৯,১৩০লৈ বৃদ্ধি পাইছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৮১.০৫ শতাংশলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২৯,৬০৯ (।)

আনহাতে ২৬৪০গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৫,৬০৩টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৪২ শতাংশলৈ বৃদ্ধি পাইছে। দেওবাৰে এই হাৰ আছিল ৬.৩৫ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৭৪, যোৰহাটৰ ২৪০, লখিমপুৰৰ ২০৬ আৰু গোলাঘাটৰ ১৯৮গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৯,৩২০লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৬গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, সোমবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৭৮লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News