NORTHEAST NOW (Assamese)

অসমত ১৮৫৬ নতুন ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৮০.৭৫ শতাংশলৈ বৃদ্ধি

September 19, 2020 11:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৮৫৬গৰাকী ব্যক্তিয়ে শনিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ অসমত চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,২৫,৫৪০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৮০.৭৫ শতাংশলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২৯,৩৬২ (।)

আনহাতে ২৫৯৫গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৩৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৬.৯৬ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,১৭৫টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫৩, যোৰহাটৰ ২০৫, লখিমপুৰৰ ১৯৯ আৰু গোলাঘাটৰ ১৭৩গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৫,৪৫৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News