NORTHEAST NOW (Assamese)

অসমত ১৯০৪ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩৪,১৬৩

October 1, 2020 11:10 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আৰু ১৯০৪গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা ১,৪৭,৫১৯লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৪,১৬৩ (।)

আনহাতে ১৫৮৫গৰাকী ব্যক্তি বৃহস্পতিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৯,৭৮০টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৩.৯৮ শতাংশ। বুধবাৰে এই হাৰ আছিল ২.৪১ শতাংশ।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮২,৩৯৬লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭১১লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বুধবাৰলৈকে ৬৯৭গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News