অসমত ২৩২০ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩০,৬৬২

Covid19: 1586 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

২৩২০গৰাকী ব্যক্তিয়ে সোমবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যা ১,৪২,২৯৭লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩০,৬৬২ (।)

আনহাতে ৩৬৪৪গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ১,২০,১৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৩.০৩ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৬৩, গোলাঘাটৰ ২৮৪, যোৰহাটৰ ২৩৭ আৰু শোণিতপুৰৰ ১৯৭গৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে ১,৭৩,৬২৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে সোমবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত দেওবাৰলৈকে ৬৫৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।