NORTHEAST NOW (Assamese)

অসমত ২৭৭২ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২২,৭০৮

August 20, 2020 10:46 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২৭৭২গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি বৃহস্পতিবাৰে চিকিৎসালয় এৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৬৩,১২০লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২২,৭০৮ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে ১৭৩৫গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.০৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৪,৩৭৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

ইপিনে আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ৮৬,০৫২ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News