NORTHEAST NOW (Assamese)

অসমত নতুনকৈ ক’ভিড আক্ৰান্ত ৩৫৫৫, আৰোগ্য ১৮৩৪

September 2, 2020 11:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

৩৫৫৫গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৮৩৪গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৪৪ শতাংশলৈ বৃদ্ধি পাইছে। মঙলবাৰে এই হাৰ আছিল ৭.২৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৪৭,৭৪৪টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা হৈছে।

পজিটিভসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৯২৪, নগাঁৱৰ ২৩৬, ডিব্ৰুগড়ৰ ২১৩ আৰু বাক্সাৰ ২০০গৰাকী ব্যক্তি।

বিপৰীতে অসমত এতিয়ালৈকে মুঠ ৮৮,৭২৬গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৬,২২৭গৰাকী।

আনহাতে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ শকুন্তলা সেন (৬৩), কাজল দত্ত (৬৬), ৱাহিদা ৰহমান (৬০), কৰিমগঞ্জৰ মাধবী ভট্টাচাৰ্যি (৭৫), জমিৰ উদ্দিন (৬০), কামৰূপ মহানগৰৰ প্ৰভাত চন্দ্ৰ বৰা (৮২), বুলু দেৱী (৬৯) আৰু দৰঙৰ প্ৰফুল্ল চহৰীয়া (৭২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এতিয়ালৈকে অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,১৫,২৭৯ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News