গোলাঘাটৰ কোভিড পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ; এই পৰ্যন্ত মৃত্যু ৫ আক্ৰান্তৰ

images.jpeg-11(3)

প্ৰতিনিধিত্বমূলক ফটো।

সমগ্র ৰাজ্যত এতিয়া কোভিড-১৯এ লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ।

একেদৰে গোলাঘাটতো ক্ৰমে বাঢ়িছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। যোৱা দুদিন পূৰ্বে মৃত্যুৰ সংখ্যা দুজন আছিল যদিও কালিৰ ভিতৰত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।

চৰকাৰী সূত্ৰ অনুসৰি, জিলাখনত আজিলৈকে সৰ্বমুঠ ৪৭,৪২৫ জনৰ কোভিড পৰীক্ষা সম্পন্ন হৈছে আৰু ইয়াৰে ১,০৬৩ জনৰ শৰীৰত কোভিডৰ ভাইৰাছ ভাইৰাছ পোৱা গৈছে।

জিলাখনত বৰ্তমান ৫৮৬ ক’ভিড আক্ৰান্ত ৰোগী আছে। ইফালে আজি পুনৰ ১১৯ জনৰ শৰীৰত কোভিডৰ উপস্থিতি পোৱা গৈছে।

এইসকলৰ ভিতৰত কমাৰবন্ধাত হাস্পাতালত ৬, বোকাখাত ৪৫, সৰুপথাৰ ২১, শ্বহীদ কুশল কোঁৱৰ কোভিড হাস্পাতালত ৯, চাৰিঙীয়া  ১৭, মৰঙীৰ ৬, ৱাৰ্ডত ১ আৰু নাৰ্চিংহ’মত এজন আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

ইয়াৰোপৰি এই পৰ্যন্ত হোম আইছলেশ্যনত ৪৬৩ জনক ৰখাৰ ব্যৱস্থা কৰা  হৈছে।

অৱশ্যে আজি ১৬ জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

উল্লেখ্য যে কালি দিনটোৰ ভিতৰতেই বোকাখাত সমষ্টিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

কালি কোভিড আক্ৰান্ত হৈ ঢেকিয়াল অঞ্চলৰ ৰাজকুমাৰ শইকীয়া(৫৯) আৰু বোকাখাতৰ চিনেশ্বৰ মৰাং (৫২) নামৰ লোক দুজনৰ মৃত্যু হৈছ।