NORTHEAST NOW (Assamese)

অসম আৰক্ষীত কোভিড-১৯ পজিটিভৰ সংখ্যা ১,৪২৬গৰাকীলৈ বৃদ্ধি

July 31, 2020 7:21 am · এন ই নাও নিউজ
অসম আৰক্ষীৰ কোভিড যোদ্ধা আৰু আৰোগ্যক সম্বৰ্দ্ধনা। ফটো সৌজন্য: Twitter@sonitpurpolice

এতিয়ালৈকে মুঠ ১,৪২৬গৰাকী অসম আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁৰ টুইটৰ জৰিয়তে ভাইৰাছটোৰ দ্বাৰা কোভিড-১৯ত আক্ৰান্ত অসম আৰক্ষীৰ শেহতীয়া  আপডেট দাঙি ধৰিছে।

অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনায় যে মুঠ ১,০৪৮গৰাকী আৰক্ষীৰ লোক এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে।

আনহাতে, অসম আৰক্ষীৰ চাৰিগৰাকী লোকে কোভিড-১৯ মহামাৰীত বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছে।

বৃহস্পতিবাৰে অসমত নতুনকৈ ২,১১২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৮,৪০৭গৰাকীলৈ বৃদ্ধি পাইছে।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যখনত ভাইৰাছ আক্ৰান্ত হোৱা মুঠ ১,২৪৮গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পাছত হাস্পাতলৰ পৰা মুক্ত হৈছে।

ৰাজ্যখনত বৃহস্পতিবাৰলৈকে মুঠ ২৯,০৮০গৰাকী আক্ৰান্ত লোকে আৰোগ্য লাভ কৰি হাস্পাতলৰ পৰা উভতিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯,২৩০গৰাকী।

বৃহস্পতিবাৰে আৰু দুজন কোভিড-১৯ ৰোগীৰ মৃত্যু হৈছে আৰু সেইদৰে ৰাজ্যখনত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬গৰাকীলৈ বৃদ্ধি পাইছে।

Related News