NORTHEAST NOW (Assamese)

ডেৰ লাখৰ সীমা অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ সংখ্যাৰ

October 3, 2020 10:56 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ভিড১৯ৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাই শনিবাৰে অসমত ডেৰ লাখৰ সীমা অতিক্ৰম কৰিছে।

১৮১৩গৰাকী ব্যক্তিয়ে শনিবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৫০,৭৭৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৩,৯৩৩(।)

আনহাতে ১৬৩২গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৩,৬৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৪.৮৫ শতাংশ। শুকুৰবাৰে এই হাৰ আছিল ৫ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৮৭, যোৰহাটৰ ১৪০ আৰু ডিব্ৰুগড়ৰ ১১৮গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮৫,৪৪৪লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৩৫লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

Related News