NORTHEAST NOW (Assamese)

জাঁজী হাঁহচৰাত অব্যাহত গৰু চোৰৰ উপদ্ৰৱ : চূড়ান্তভাৱে ব্যৰ্থ আৰক্ষী

December 17, 2018 6:52 am · ৰাজীৱ দত্ত

যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত জাঁজী হাঁহচৰা অঞ্চলত যোৱা কিছুদিন ধৰি গৰুচোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে বৃদ্ধি পোৱা সঘন গৰু চুৰিৰ কাণ্ডত নিদ্ৰা হৰিছে স্থানীয় জনসাধাৰণৰ।

বিগত এটা পষেকত অঞ্চলটোৰ পৰা দুৰ্বৃত্তই দুটা বলধ গৰু আৰু এজনী গাই গৰু গৃহস্থৰ গোহালীৰ পৰাই চুৰি কৰি নিয়াৰ পাছত শনিবাৰে নিশা পুনৰ অঞ্চলটোৰ বাইলুং গাঁৱৰ কৃষ্ণ ফুকন নামৰ লোকজনৰ গোহালীৰ পৰা চুৰি কৰি নিয়ে এজনী গাই গৰু।

উল্লেখযোগ্য যে যোৱা ২৭ নৱেম্বৰৰ নিশা এখন বগা ইণ্ডিকা গাড়ীত অহা গৰু চোৰৰ দলে গৃহস্থক গুলীওৱাৰ ভাবুকিৰে হাঁহচৰা কোৱঁৰ গাঁৱৰ পৰা এজনী গাইগৰু চুৰি কৰি নিয়াৰ লগতে একেদিনাই কমাৰগাঁৱৰ পৰা এহাল বলধ গৰু চুৰি কৰি নিছিল।

ইয়াৰ পাছত যোৱা ৩০ নৱেম্বৰৰ নিশাও অনুৰূপ ধৰণে হাঁহচৰা কোৱঁৰ গাৱঁৰ এঘৰত গৰু চুৰিৰ প্ৰচেষ্টা চলাইছিল যদিও স্থানীয় লোকৰ তৎপৰতাৰ বাবে এই প্ৰচেষ্টা ব্যৰ্থ হয়।

ইফালে অঞ্চলটোত ধাৰাবাহিক ভাবে সংঘটিত হৈ থকা গৰু চুৰি ঘটনা ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে স্থানীয় আৰক্ষী। যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

Related News