শিৱসাগৰত চিপিআই আৰু নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী দিৱস পালন

a vvmk

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো চিপিআই আৰু নিখিল ভাৰত কৃষক সভাই কেইবাটাও জনস্বাৰ্থ জড়িত  দাবীত প্ৰতিবাদী দিৱস পালন কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অত্যাৱশ্যকীয়  সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষি বিৰোধী আইন বাতিল, ইআইএ ২০২০ বাতিল, বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি বাতিল, জাগীৰোড আৰু কাছাৰ কাগজকল পুনৰুজ্জীৱিতকৰণ, চৰকাৰী আঁচনি দলীয়কৰণ বন্ধ কৰা, কৃষকক ভূমি পট্টা দিয়া আদিকে ধৰি ১২ দফীয়া দাবী চনদ পত্ৰৰ স্মৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

 অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ক’লৈ গ’ল দুৰ্নীতি মুক্ত অসমৰ শ্ল’গান ?

এছ আই নিযুক্তি কেলেংকাৰী সংঘটিত কৰা , পঞ্চায়ত ও গ্ৰামোন্নয়নত হোৱা কেলেংকাৰী , ঠিকা আবণ্টনত হোৱা কেলেংকাৰী , ক’ৰোণাত সংঘটিত হোৱা কেলেংকাৰীয়ে তেওঁলোকৰ এই শ্ল’গান ফুটুকাৰ ফেনত পৰিণত কৰিলে  ৷

এজনো উচ্চ পৰ্যায়ৰ আমোলা- বিষয়া, নেতা- মন্ত্ৰীক ধৰিব নোৱাৰিলে, বিপৰীতে কেৱল তলৰ পৰ্যায়ৰ নেতা বিষয়া -কৰ্মচাৰীক আটক কৰিয়েই এই দুৰ্নীতি ৰোধ কৰিব বিচাৰিছে ৷

শীঘ্ৰেই ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক জে’লত ভৰাবলৈ তেখেতে দাবী জনায়৷ তেখেতে চৰকাৰে ইতিমধ্যে প্ৰণয়ন কৰা কৃষি আইন আৰু ই আই এ ২০২০ ৰ জৰিয়তে সমস্ত শ্ৰমজীৱী, কৃষিজীৱী সৰ্বসাধাৰণ ৰাইজৰ ভৱিষ্যত অতি ভয়াবহ কৰি তুলিব বুলি কয় ৷

চি পি আই যুৱ নেতা অনুপ গগৈয়ে  অনুষ্ঠানত উপস্থিত থাকি বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূহক সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে জনগণক সজাগ হ’বলৈ আহ্বান জনায় ৷ চৰকাৰৰ পৰোচনাত একাংশ উগ্ৰ সাম্প্ৰদায়িক নেতা মন্ত্ৰীয়ে সমাজখন হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি পেলাইছে বুলি কয়।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক সভা জিলা সম্পাদক মদন বৰুৱাই কয় যে চৰকাৰে খিলঞ্জীয়া কৃষকৰ দখলীকৃত মাটিত পট্টা দিয়াৰ বিপৰীতে  বনিয়াকহে ভূমি হস্তান্তৰ কৰিছে বুলি চোকা সমালোচনা কৰে ৷

মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈয়ে মহিলা , দলিত সংখ্যালঘু ওপৰত চলাই থকা এইখন বিজেপি চৰকাৰে জনজীৱন বিপজ্জনক কৰি তুলিছে বুলি কয়।

নিখিল ভাৰত কৃষক সভাৰ জিলা সভাপতি যোগেশ বুঢ়াগোহাঁয়ে  এইখন চৰকাৰে আন্তৰাষ্ট্ৰীয় সীমান্তৰ এশ কিলোমিটাৰ ভিতৰৰ জনগণৰ বাবে ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিছে বুলি কয় ৷ গতিকে সকলো জনতাকে আগন্তুক নিৰ্বাচনত এই চৰকাৰৰ বিৰুদ্ধে সমূচিত প্ৰত্যুত্তৰ দিবৰ বাবে সাজু হ’বলৈ আহ্বান জনায় ৷